July 13, 2026 12:27 PM | manipur festival

printer

ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচীৰ আয়োজন

অসম ৰাইফলছে সীমান্ত সুৰক্ষা বাহিনী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত কালি ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচী অনুষ্ঠিত কৰে। শান্তি আৰু একতা বজাই ৰখা, জনসাধাৰণৰ আস্থা শক্তিশালী কৰা তথা স্থানীয় লোক আৰু সুৰক্ষা বাহিনীৰ মাজত গঠনমূলক কার্য বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত মত বিনিময় অনুষ্ঠানত গাঁৱৰ মুৰব্বী আৰু সচিবকে ধৰি ১৬ জন গাঁওবাসীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত সুৰক্ষা বাহিনী আৰু আৰক্ষী বিষয়াসকলে সাম্প্রতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।