June 6, 2025 12:47 PM

views 67

ছিকিমত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত

ছিকিমত এম আই ছেভেণ্টিন শ্ৰেণীৰ হেলিকপ্তাৰ, ভাৰতীয় সেনা, বায়ুসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ছিকিমৰ চটেনত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে কালি এই অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল। আৱদ্ধ পর্যটকসকলক বাগডোগ্ৰালৈ নিৰাপদে ঘূৰাই অনাৰ বাবে ছিকিম চৰকাৰে প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পুৱাৰ ভাগত এম আই ছেভেণ্টিন শ্ৰেণীৰ হেলিকপ্তাৰেৰে আৱদ্ধ হৈ থকা ১০৯ গৰাকী পৰ্যটকৰ ভিতৰত ৬৩ গৰাকীক চটেনৰ পৰা পাকয়ং বিমান বন্দৰলৈ অনা হয়। পৰ্যটকস...

June 1, 2025 8:20 PM

views 65

ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত

ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, মংগন জিলাৰ লাচেন আৰু লাচুঙত প্ৰায় ডেৰ হাজাৰ পৰ্যটক আবদ্ধ হৈ আছে। বিভিন্ন সংস্থাই ক্ষিপ্ৰগতিত উদ্ধাৰৰ কাম কৰি আছে যদিও উদ্ধাৰৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৰ্যটকসকলক বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে। বৰষুণৰ ফলত তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইপিনে, চু থাঙত সন্ধানহীন হোৱা ৯ জন পৰ্যটকৰো সন্ধান কৰি থকা হৈছে।

June 13, 2024 4:46 PM

views 85

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানৰ কেইবাটাও অঞ্চলত কালিৰেপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছে। এই দুৰ্ঘটনাত বহুতো জীৱন, ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাটাও পৰিয়াল ভূমিহীন হৈ পৰিছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্রেমসিং টামাঙে জিলা প্রশাসন, আৰক্ষী বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি দ্রুত আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ বাবে নিৰ্দেশ দিছে।