ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, মংগন জিলাৰ লাচেন আৰু লাচুঙত প্ৰায় ডেৰ হাজাৰ পৰ্যটক আবদ্ধ হৈ আছে। বিভিন্ন সংস্থাই ক্ষিপ্ৰগতিত উদ্ধাৰৰ কাম কৰি আছে যদিও উদ্ধাৰৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৰ্যটকসকলক বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে। বৰষুণৰ ফলত তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইপিনে, চু থাঙত সন্ধানহীন হোৱা ৯ জন পৰ্যটকৰো সন্ধান কৰি থকা হৈছে।
Assamese | June 1, 2025 8:20 PM | Landslide Sikkim
ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত