ছিকিমত এম আই ছেভেণ্টিন শ্ৰেণীৰ হেলিকপ্তাৰ, ভাৰতীয় সেনা, বায়ুসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ছিকিমৰ চটেনত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে কালি এই অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল। আৱদ্ধ পর্যটকসকলক বাগডোগ্ৰালৈ নিৰাপদে ঘূৰাই অনাৰ বাবে ছিকিম চৰকাৰে প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পুৱাৰ ভাগত এম আই ছেভেণ্টিন শ্ৰেণীৰ হেলিকপ্তাৰেৰে আৱদ্ধ হৈ থকা ১০৯ গৰাকী পৰ্যটকৰ ভিতৰত ৬৩ গৰাকীক চটেনৰ পৰা পাকয়ং বিমান বন্দৰলৈ অনা হয়। পৰ্যটকসকলক শিলিগুৰিলৈ লৈ যোৱাৰ বাবে ছিকিম চৰকাৰে বিশেষ বাছৰ ব্যৱস্থা কৰিছে।
Assamese | June 6, 2025 12:47 PM | Landslide Sikkim
ছিকিমত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত