May 12, 2024 6:48 PM

views 96

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ বনাঞ্চলত সুৰক্ষা বাহিনীৰ সন্ত্ৰাসবাদীৰ গোপন ঘাটি উৎখাত

সুৰক্ষা বাহিনীয়ে জম্মু কাশ্মীৰৰ ৰিয়াছি জিলাৰ এটা বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা গোপন ঘাটি উৎখাত কৰিছে আৰু বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ এটা যুটীয়া দলে আজি পুৱা মাহোৰেৰ কোট বুধান বনাঞ্চলত তালাচী চলোৱাৰ সময়ত সন্ত্ৰাসবাদীৰ এই ঘাটিটো উৎখাত কৰে। সুৰক্ষা বাহিনীয়ে লগতে ১ কিলোগ্রাম বিস্ফোৰক পাউদাৰ, ৭টা বিস্ফোৰক চেটি ফিউজ উদ্ধাৰ কৰে।

April 5, 2024 8:29 PM

views 72

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন কাইলৈ পৰীক্ষা কৰা হ’ব

◊ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰ্যায়ত সামৰি ল'বলগীয়া জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন সমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন লোকসভা আসনৰ বাবে অহা ২৬ মাৰ্চত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত কেৰালাৰ ১২ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মধ্যপ্ৰদেশত ৭ খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৮ খনকৈ আসন, অসম আৰু বিহাৰত ৫ খনকৈ, পশ্চিম ব...

April 2, 2024 7:02 PM

views 81

অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক

◊ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৱে বাৰ্ষিক অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, প্রশাসনিক সচিব, উপ-আয়ুক্ত আৰু আন বিভাগসমূহৰ মুৰব্বী, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছে। মুখ্য সচিবগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, পেহেলগাম আৰু বালটাল পথ দুটাৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰিছে।

April 1, 2024 12:03 PM

views 85

জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰ

জম্মু কাশ্মীৰত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। ১২ চি তথা এম প্ৰ-পত্ৰসমূহৰ থলিতে প্রত্যায়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি অহা ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ নাগ্ৰতাত এনেধৰণৰ প্ৰথমটো শিবিৰ আৰু ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ জাগতিক পৰৱৰ্তী শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি শিৱমন্দিৰৰ পুৰুখো শিব...