April 30, 2025 12:36 PM

views 47

আই পি এলত যোৱা নিশা কলকাতা নাইট ৰাইডার্ছৰ দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নতুন অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত কৰে। লেহীয়ে ২০৫ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ বান সংগ্ৰহ কৰে। দলৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু অক্ষৰ পেটেলে ৪৩ বান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ সুনীল নাবায়ণে ৩টা, বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰাৰ লগতে অনুকুল বয়, বৈভৱ আবোবা আৰু আণ্ডে বাছেলে এটাকৈ উইকেট লাভ কৰে। সুনীল নাৰায়ণ প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কলকাতাই...

April 28, 2025 12:50 PM

views 58

আই পি এলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দেলহী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহী কেপিটেলছক ৬ উইকেটত পৰাজিত কৰে। দেলহী কেপিটেলছে বান্ধি দিয়া ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৮ অভাৰ আৰু ৩টা বলতেই ৪ উইকেটৰ বিনিময়ত ১৬৫ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ৰুণাল পাণ্ডিয়াই ৪৭টা বলত সৰ্বাধিক ৭৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীয়ে ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। দেলহী কেপিটেলছৰ হৈ অক্ষৰ পেটেলে দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্...

April 23, 2025 12:53 PM

views 34

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইকেটত পৰাস্ত কৰে। লেহি কেপিটেলছে ১৩টা বল বাকী থকা অৱস্থাত দুটা উইকেট হেৰুৱাই ১৬১ ৰাণ কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। দেলহি কেপিটেলছে টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। দেলহিয়ে বৰ্তমান তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে লক্ষ্ণৌ পঞ্চম স্থানত আছে। প্রতিযোগিতাত আজি হায়দ...

April 12, 2025 1:00 PM

views 43

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জিকি চেন্নাইৰ দলটোক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্র ১০৩ ৰাণ সংগ্ৰহ কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩টা আৰু বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্ত...

April 11, 2025 7:01 PM

views 39

আই পি এলত সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই. পি. এলৰ এইবাৰৰ সংস্কৰণৰ বাকী খেল কেইখনত পূর্ণকালীন অধিনায়ক ৰুতুৰাজ গায়কোৱাৰ্ডৰ স্থান ল'ব বুলি ঘোষণা কৰিছে। গায়কোৱাডক কিলাকূটিৰ আঘাতৰ বাবে বাকী কেইখন খেলৰ পৰা বাদ দিয়া হৈছে।ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল ...

April 11, 2025 10:04 AM

views 50

আই পি এলত ডেলহি কেপিটেলছৰ হাতত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৬ উইকেটত পৰাস্ত

ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম. ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই. পি. এল. ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ডেলহি কেপিটেলছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত ৪টা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। ডেলহিৰ হৈ কে. এল. ৰাহুলে ৫৩টা বলত ৯৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ভূৱনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে, বাংগালুৰু দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰ...

April 9, 2025 3:28 PM

views 51

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ vs ৰাজস্থান ৰয়েলছ

• আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছক ১৮ ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০১ ৰাণহে কৰিবলৈ সমৰ্থ হয়। একেদৰে ইডেন গার্ডেনছত অনুষ্ঠিত কালি...

April 8, 2025 12:49 PM

views 38

আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত মুম্বাই ইণ্ডিয়ানছ ১২ ৰাণৰ ব্যৱধানত পৰাস্ত

আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাত কালি মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে মুম্বাই ইণ্ডিয়ানছক ১২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ২২২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ২২১ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুওৱাই ২০৯ ৰাণ কৰে। ইয়াৰ পূৰ্বে টচত জিকি মুম্বাই ইণ্ডিয়ানছে প্রথমে...

April 4, 2025 6:10 PM

views 52

সন্ধিয়া ৭.৩০ বজাত আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছান ৰাইজাৰ্ছ হায়দাবাদক ৮০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দাবাদে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে কৰিবলৈ সমৰ্থ হয়।

April 4, 2025 11:44 AM

views 54

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ছানৰাইডাৰ্ছ হায়দৰাবাদ ৮০ ৰানত পৰাস্ত

কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইডাৰ্ছ হায়দৰাবাদক ৮০ ৰানত পৰাস্ত কৰে। ছান ৰাইজাৰ্ছ হায়দৰাবাদে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে, কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্ৰহ কৰে। প্রতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বি...