July 10, 2024 11:57 AM

views 49

দেশৰ ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ হামিৰপুৰ, নালাগড়, উত্তৰাখণ্ডৰ আমৰৱাৰা, মেংগালোৰ, বিহাৰৰ ৰূপোলি, মধ্যপ্ৰদেশৰ অমৰৱাৰা, তামিলনাডুৰ বিক্ৰৱন্দী আৰু পঞ্জাৱৰ পশ্চিম জলন্ধৰ আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হৈছে। অহা শনিবাৰে আটাইকেইটা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব।

July 4, 2024 8:25 PM

views 46

আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ

নীতি আয়োগে সমগ্ৰ দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ৬ টা ঘাই সূচকৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ লক্ষ্য উপনিত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অভিলাষী জিলাৰ কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষত...

July 4, 2024 2:55 PM

views 42

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীসিঙে কয় যে, তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত নিকট সহযোগিতা সম্পর্কে পর্যালোচনা কৰে। তেওঁ কয় যে, ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে বিস্তৃত কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

July 4, 2024 2:45 PM

views 71

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগবঢ়ায়। ড০ জয়শংকৰে কয় যে, প্রকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিৰ প্ৰতি সন্মান ৰাখি সীমান্ত অঞ্চলৰ শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাটো অতি প্রয়োজন। তেওঁ কয় যে, ভাৰত-চীন দ্বিপাক্ষিক বান্ধোন, তিনিটা পাৰস্পৰিক...

July 4, 2024 2:38 PM

views 66

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে যে, কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱা অগ্নিবীৰ অজয় কুমাৰৰ নিকটাত্মীয়ক কোনোধৰণৰ ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি দিয়া কিছুমান বার্তা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। বাহিনীটোৱে কৈছে যে, ভাৰতীয় সেনাই অগ...

June 28, 2024 8:24 PM

views 50

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অহা ১৪ জুলাইত কাৰ্য্যকাল শেষ হ'বলগীয়া বিনয় মোহন কোৱাট্টাৰ স্থলাভিষিক্ত হ'ব। শ্রীমিশ্ৰী বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কৰ্মৰত হৈ আছে। তেওঁ চীন, ম্যানমাৰ আৰু স্পেইনৰ ভাৰতীয় দূত হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছে। শ্রীমিশ্ৰী তিনিগৰাকীকৈ প্ৰধানমন্ত্রী ১৯৯৭ চনত ইন্দ্ৰ কুমাৰ গুজৰাল, ২০১২ চনত মনমোহন সিং আৰু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিবৰূপে সেৱ...

June 28, 2024 12:44 PM

views 49

দেশৰ বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ পেন পিণ্টাৰ বঁটা

দেশৰ বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ পেন পিণ্টাৰ বঁটা আগবঢ়োৱা হৈছে। ন'বেল বিজয়ী নাট্যকাৰ হেল্ড পিণ্টাৰৰ সোঁৱৰণত প্ৰতি বছৰে ব্ৰিটেইন, আয়াৰলেণ্ড আৰু কমনৱেলথৰ অন্তৰ্ভুক্ত দেশৰ সাহিত্যিকক উজ্বল সাহিত্য কৰ্মৰাজীৰ বাবে এই বঁটা প্ৰদান কৰা হয়। অহা ১০ অক্টোবৰত লণ্ডন ব্ৰিটিছ লাইব্ৰেৰীত অৰুন্ধতী ৰয়ক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব।

June 27, 2024 8:24 PM

views 47

সংসদ ভৱনত বিহাৰ জনতা দলৰ সাংসদৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বার্তা যোগে শ্রীমোদীয়ে কয় যে, বিহাৰত বিজেপি আৰু J D U ই একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে যে, মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বই বিহাৰক উন্নয়নৰ পথত লৈ গৈছে আৰু সুশাসনৰ বাবে দুয়োপক্ষই একেলগে কাম কৰি যাব।

June 27, 2024 8:01 PM

views 63

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছেঃ ৰাষ্ট্ৰপতি মুর্মু

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠকত কার্যবিধি কিছুসময়ৰ বাবে অব্যাহত থকাৰ পাছত আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ভাষণ দি কয় যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। তেওঁ কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত তেওঁ কয় যে...

June 22, 2024 9:00 PM

views 46

ভাৰত আৰু বাংলাদেশৰ মাজত উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান-প্ৰদান

ভাৰত আৰু বাংলাদেশে উভয় ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে যোগাযোগ, বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰৰ আদান প্ৰদান কৰিছে। এই ভৱিষ্যনথিত ভাৰতৰ বিকশিত ভাৰত ভিজন,২০৪৭ আৰু বাংলাদেশৰ স্মাৰ্ট বাংলাদেশ ভিজন, ২০৪১ৰ ওপৰত আলোকপাত কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ মাজত আজি নতুন দিল্লীত এই নথিকেইখনৰ আদান-প্রদান হয়। প্রধানমন্ত্ৰীদ্বয়ৰ মাজৰ দ্বিপাক্ষিক আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে দুয়োখন ...