ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অহা ১৪ জুলাইত কাৰ্য্যকাল শেষ হ’বলগীয়া বিনয় মোহন কোৱাট্টাৰ স্থলাভিষিক্ত হ’ব। শ্রীমিশ্ৰী বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কৰ্মৰত হৈ আছে। তেওঁ চীন, ম্যানমাৰ আৰু স্পেইনৰ ভাৰতীয় দূত হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছে। শ্রীমিশ্ৰী তিনিগৰাকীকৈ প্ৰধানমন্ত্রী ১৯৯৭ চনত ইন্দ্ৰ কুমাৰ গুজৰাল, ২০১২ চনত মনমোহন সিং আৰু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিবৰূপে সেৱা আগবঢ়োৱা বিৰল অভিজ্ঞতাৰো অধিকাৰী।
Assamese | June 28, 2024 8:24 PM | India | India Govt.
ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি