July 12, 2024 9:23 AM

views 38

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে, প্রাক্তন অগ্নিবীৰসকলে বয়সৰ উৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰিৰীক দক্ষতাৰ ...

July 11, 2024 8:57 PM

views 76

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰ...

July 10, 2024 12:33 PM

views 46

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্রত ভার্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ আৱশ্যকতাত আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো অংশীদাৰ বিশেষকৈ স্বদেশী প্ৰতিৰক্ষা উদ্যোগৰ উল্লেখযোগ্য ভূমিকাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি গুণগত নিশ্চয়তাৰ সঞ্চালক প্রধান লেফটেনেণ...

July 4, 2024 8:58 PM

views 67

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে মন সম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে, এই আঁচনি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে ২০০ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় সৌৰশক্তি প্রতিষ্ঠানে ৰূপায়ণ কৰিব লগা এই আঁচনিয়ে উৎপাদন, প্রযুক্তি আৰু সেউজ হাইড্ৰ'জেনৰ মূল্য শৃংখলাৰ সুবিধাসমূহ আৰু বৰ্তমান ইয়াৰ আনুসংগিক পৰীক্ষণৰ ক্ষেত্ৰত থকা সুবিধা...

July 4, 2024 3:06 PM

views 53

দেশত কয়লাৰ উৎপাদন বৃদ্ধি পাই যোৱা জুন মাহত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে

■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮.৮৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহে ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫.৪৯ শতাংশ অধিক।

June 29, 2024 10:54 AM

views 60

সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ’ব ৩ খনলৈ নতুন আইন

■ নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ ...

June 28, 2024 8:24 PM

views 50

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অহা ১৪ জুলাইত কাৰ্য্যকাল শেষ হ'বলগীয়া বিনয় মোহন কোৱাট্টাৰ স্থলাভিষিক্ত হ'ব। শ্রীমিশ্ৰী বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কৰ্মৰত হৈ আছে। তেওঁ চীন, ম্যানমাৰ আৰু স্পেইনৰ ভাৰতীয় দূত হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছে। শ্রীমিশ্ৰী তিনিগৰাকীকৈ প্ৰধানমন্ত্রী ১৯৯৭ চনত ইন্দ্ৰ কুমাৰ গুজৰাল, ২০১২ চনত মনমোহন সিং আৰু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিবৰূপে সেৱ...

June 15, 2024 1:47 PM

views 68

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত কালি স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক লৈ নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়। দেশজুৰি চিকিৎসা সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাৰ মান অধিক উন্নত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্রদান কৰিছে। তেওঁ প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাপনাৰ দৰে কাৰ্যসূচীত প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাৰ ওপৰত গুৰ...

June 14, 2024 8:26 PM

views 61

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় পর্যালোচনা বৈঠকত শ্রম সচিব সুমিত্ৰা দাওৰাৰ অধ্যক্ষতা

শ্রম সচিব সুমিত্ৰা দাওৰাই আজি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে পর্যালোচনা বৈঠকত সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণ আৰু জীৱন ধাৰণ তথা ব্যৱসায় সূচল কৰি তোলাৰ বাবে নতুন উদ্যমৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰা হয় । মন্ত্ৰালয়ে দ্রুত দাবী নিষ্পত্তিৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই ৰোগ, শিক্ষা, বিবাহ আৰু গৃহ নিৰ্মাণৰ বাবে ১ লাখ টকা পর্যন্ত অগ্রিম ধনৰাশিৰ স্বয়ংক্রিয় নিষ্পত্তি ব্যৱস্থা কাৰ্যকৰী কৰিছে। এ...

June 14, 2024 8:18 PM

views 46

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত এই হাৰ ১.৪১ শতাংশলৈ হ্ৰাস পায়। খাদ্য সামগ্ৰীৰ উৎপাদন, খাৰুৱা পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, খনিজ তেল আদি বৃহৎ খণ্ডসমূহৰ মূল্যবৃদ্ধিয়ে, পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতিৰ বৃদ্ধিৰ শেহতীয়া কাৰণ হ'ব পাৰে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰে। ২০১৪ চনৰ মে' মাহত প্রাথমিক সামগ্ৰীৰ সূচকাংক ০.৫৪ শতাংশ বৃদ্ধি পাইছে। ইন্ধন আৰু শক্তি খণ্ডৰ মূল্য ১.৩৫ শতাংশ বৃদ্ধি পাইছে। ...