June 29, 2026 1:36 PM

views 25

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্রুপ-এৰ ফাইনেল খেলত ভাৰতক ৬ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়াৰ

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্রুপ-এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৭১ ৰানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৪ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিজ পেৰিক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে।

June 21, 2026 12:36 PM

views 30

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৭বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্রথম দুখন খেলত জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

May 6, 2024 12:30 PM

views 59

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৮ দিনৰ ভিতৰত দহটা দলে মুঠ ২৩খন খেল খেলিব। ২০২৩ চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্রিকাই টি-২০ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৪ অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ'ব।

May 5, 2024 9:31 PM

views 89

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ সূচী ঘোষণা

দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশত ৩ৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ সূচী ঘোষণা কৰে। আইচিচিৰ প্ৰেছ বিবৃতিত কোৱা হৈছে যে বাংলাদেশৰ দুটা স্থান, ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম আৰু চিলেটৰ চিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ১৮টা একচন ভৰ্তি দিনৰ ভিতৰত দহটা দলে ২৩খন খেল খেলিব।ঢাকাত অনুষ্ঠিত এক অনুষ্ঠানত এই সূচী উন্মোচন কৰা হয়, য’ত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি  নজমুল হাছানৰ লগতে আইচিচিৰ চিইঅ’ জিঅফ এলাৰডিচ আৰু ভাৰত আৰু ব...