April 16, 2025 1:09 PM

views 34

ভাৰতৰ শ্ৰেয়াছ আয়াৰ আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতৰ শ্ৰেয়াছ আয়াৰক আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত কৰা হৈছে। মহিলা শাখাত অষ্ট্ৰেলিয়াৰ জর্জিয়া ব'ললৈ এই সন্মান আগবঢ়োৱা হৈছে। শেহতীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শ্ৰেয়াছে অন্তিম তিনিখন খেলত ৫৭.৩৩ গড়ত ১৭২ ৰাণ কৰিছিল। শ্রেয়াছে সম্পূর্ণ প্রতিযোগিতাত ৪৮.৬ গড়ত ২৪৩ ৰাণ কৰি দ্বিতীয় সর্বোচ্চ ৰাণ সংগ্ৰহকাৰী পৰিগণিত হয়। ফেব্ৰুৱাৰীত ভাৰতৰ আন এগৰাকী তাৰকা খেলুৱৈ শুভমন গিল আই চি ...

March 9, 2025 9:27 PM

views 35

আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডৰ ভাৰতৰ সম্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত অনুষ্ঠিত আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ মাইকেল ব্রেছৱেলে ৪০টা বলত অপৰাজিত হৈ থাকি ৫৩ ৰাণ সংগ্ৰহ কৰে। ডেৰিল মিচ্চেলে ১০১টা বলত ৬৩ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্ত্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে। খেলৰ আৰম্ভণিতে নিউজিলেণ্ডে সুন্দৰ প্ৰদৰ্শন কৰে যদিও ভাৰতীয় দলৰ স্পীনাৰসকলে খেলৰ নিয...

March 3, 2025 11:54 AM

views 42

আই চি চি চেম্পিয়নছ ট্ৰফীত গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৪৪ ৰাণত জয়লাভ

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীত জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতে গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৪ ৰাণত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেটিং নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। নিউজিলেণ্ডে ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২০৫ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ বৰুণ চক্ৰৱৰ্তীয়ে ৫টা কুলদীপ যাদৱে দুটা, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়৷ ভাৰতে...

March 2, 2025 8:00 PM

views 47

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আজি ডুবাইত অনুষ্ঠিত লীগৰ অন্তিমখন খেলত ভাৰতে জয়ৰ বাবে নিউজিলেণ্ডক ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪৯ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালেও শ্রেয়াছ আয়াৰ, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলৰ দৃঢ়তাৰে প্ৰত্যাহ্বানজনক স্কৰ কৰিবলৈ সমৰ্থ হয়। শ্ৰেয়াছ আয়াৰে ৯৮টা বলত ৭৯, হার্দিক পাণ্ডিয়াই ৪৫...

March 2, 2025 12:01 PM

views 53

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব ভাৰত

ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাত শীর্ষ স্থান লাভ কৰিব আৰু মঙলবাৰে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। পৰাজিত দলটো বুধবাৰে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দক্ষিণ আফ্রিকাই যোৱা নিশা কৰাচীত অ...

February 24, 2025 12:14 PM

views 36

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হাত পাকিস্তান ৬ উইকেটত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফীত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হোৱা খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বিৰাট কোহলীয়ে উল্লেখযোগ্য শতক অৰ্জন কৰি পাকিস্তানৰ বলিং আক্রমণ প্রতিহত কৰে। প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তানে দুটা বল বাকী থকা অৱস্থাত ২৪১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ কুলদ্বীপ যাদৱে ৩টা, হার্ডিক পাণ্ডিয়াই ২টা, হর্ষিত ৰাণা, অক্ষৰ পেটেল আৰু ৰবিন্দ্ৰ জাডেজাই এটাকৈ উইকেট দখল কৰে। বিৰাট কোহলীৰ অপৰাজিত শতক, শ্রেয়াছ আয়াৰৰ ৫৬ ৰাণ আৰু শুভমন গিলৰ ৪৬ ৰাণৰে...

February 23, 2025 8:34 PM

views 52

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত ভাৰতক জয়ৰ বাবে পাকিস্তানৰ ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত আজি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানে ভাৰতক জয়ৰ বাবে ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লোৱা পাকিস্তানে ভাৰতীয় বলাৰৰ নিয়ন্ত্রিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৪৯ অভাৰ ৪ টা বলত ২৪১ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়৷ পাকিস্তানৰ চাউদ চাকিলে ৬২, মহম্মদ ৰিজৱানে ৪৬ আৰু খুছদিল শ্বাহে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ কুলদীপ যাদৱে তিনিটা, হার্দিক পাণ্ডিয়াই দুটা তথা হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে।

February 23, 2025 12:09 PM

views 36

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়াই যোৱা নিশা পাকিস্তানৰ লাহোৰৰ গড্ডাফি স্টেডিয়ামত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে। ৩৫২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অষ্ট্ৰেলিয়াই ১৩৬ বানত ৪ টাকৈ হেৰুৱায়। ইয়াৰ পাছত এলেক্স কেৰিয়ে যোশ ইংগ্লিছৰ সৈতে দলক এই বিপর্যয়ৰ পৰা উদ্ধাৰ কৰে। ইংগ্লিছে ৮৬ টা বলত ১২০ ৰান কৰে। কেৰিয়ে ৬৩টা বলত ৬৯ আৰু মেথিউ ছৰ্টে ৬৬ টা বলত ৬৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ আগেয়ে ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ ...

February 22, 2025 11:59 AM

views 30

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তান দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ কৰাচীত অনুষ্ঠিত গ্রুপ-বিৰ দিবা-নৈশ এখন খেলত কালি দক্ষিণ আফ্রিকাই আফগানিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে ৩১৬ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰৰ ৩৯টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰহমত শ্বাহে ৯২টা বলত ৯০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ৩১৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অপেনাৰ ৰিয়ান ৰিকেল্টনে শতক অৰ্জন ...

January 15, 2025 11:10 AM

views 38

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আই চি চিৰ আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট সংস্থাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা কৰিছে। সেই অনুসৰি এইটো ছিজনৰ চূড়ান্ত খেলখনৰ বিজয়ী দলটোৱে প্ৰায় ১২ কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে আনটো দলে প্রায় ৬ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। চলিত বৰ্ষৰ ১৮ জুনত চাউডানৰ এজিয়াছ ব'লত এই প্রতিযোগিতাৰ ফাইনেল খেলখন খেলোৱা হ'ব । প্রতিযোগিতাত তৃতীয় স্থান লাভ কৰা দলটোৱে ৩ কোটি ৩৮ লাখ টকা আৰু চতুৰ্থ স্থানৰ দলটোৱে ২ কোটি ৬২ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব। পঞ্চম স্থানৰ ...