ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীত জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতে গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৪ ৰাণত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেটিং নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। নিউজিলেণ্ডে ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২০৫ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ বৰুণ চক্ৰৱৰ্তীয়ে ৫টা কুলদীপ যাদৱে দুটা, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়৷ ভাৰতে অহা মঙলবাৰে ডুবাইত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু নিউজিলেণ্ডে অহা বুধবাৰে লাহোৰত দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | March 3, 2025 11:54 AM | ICC Champion Trophy
আই চি চি চেম্পিয়নছ ট্ৰফীত গ্রুপ-এত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৪৪ ৰাণত জয়লাভ