আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আজি ডুবাইত অনুষ্ঠিত লীগৰ অন্তিমখন খেলত ভাৰতে জয়ৰ বাবে নিউজিলেণ্ডক ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪৯ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালেও শ্রেয়াছ আয়াৰ, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলৰ দৃঢ়তাৰে প্ৰত্যাহ্বানজনক স্কৰ কৰিবলৈ সমৰ্থ হয়। শ্ৰেয়াছ আয়াৰে ৯৮টা বলত ৭৯, হার্দিক পাণ্ডিয়াই ৪৫টা বলত ৪৫ ৰাণ আৰু অক্ষৰ পেটেলে ৪২ ৰাণৰ বৰঙণি আগবঢ়ায়। অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল আৰু আজি ৩০০ সংখ্যক এদিনীয়া আন্তর্জাতিকত অৱতীৰ্ণ হোৱা বিৰাট কোহলি ব্যর্থ হয়। নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰীয়ে সৰ্বাধিক ৫টা উইকেট দখল কৰে। নিউজিলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে ২০ অভাৰত ২ টা উইকেট হেৰুৱাই ৮১ ৰাণ কৰি খেলি আছে ৷
Assamese | March 2, 2025 8:00 PM | ICC Champion Trophy
আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ