December 7, 2025 11:50 AM

views 56

অসম চুক্তিৰ বিদেশী নাগৰিক বিতাড়ন সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ বিদেশী নাগৰিক বিতাৰণ সম্পৰ্কীয় দফাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ মাইকেল জাথান খুমা আৰু ন্যায়াধীশ এন উন্নি কৃষ্ণন নায়াক লৈ গঠিত এখন বিচাৰপীঠে অসম চুক্তিৰ আইনী পৰিকাঠামো সত্বেও বিতাড়ন কৰা লোকৰ সংখ্যা কম হোৱাক লৈ উদ্বেগ প্রকাশ কৰি অসম আন্দোলন সংগ্রামী মঞ্চই দাখিল কৰা আবেদনখন খাৰিজ কৰে। বিচাৰপীঠখনে অনুৰূপ বিষয়সম্পৰ্কীয় এটা গোচৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আবে...

September 7, 2025 11:57 AM

views 54

একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ৰ ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ে ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ দিছে। সঞ্চালক মাখন ফুকনে কালি এই সন্দৰ্ভত আদালতক বিশদ পৰিকল্পনা দাখিল কৰে। সেই অনুসৰি শ্ৰীফুকনে জন প্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ নিষ্পত্তিৰ বাবে এখন দিনপঞ্জী প্ৰস্তুত কৰি ধাৰাবাহিক শুনানি গ্রহণ নিৰীক্ষণ আৰু ডেজিগনেটেড আদালতৰ বাবে বিশেষ লোক অধিবক্তা নিযুক্তিকে ধৰি ছটা প্ৰস্তাৱ দিয়া দিছে। ...

August 20, 2025 8:26 PM

views 22

টাডা গোচৰত অভিযুক্ত ৩৮ জন আলফা সদস্যক দোষমুক্ত ঘোষণা

গুৱাহাটীৰ বিশেষ টাডা আদালতে টাডা গোচৰত অভিযুক্ত ৩৮ জন আলফা সদস্যক দোষমুক্ত ঘোষণা কৰিছে। ১৯৯১ চনত দিছপুৰ আৰক্ষী থানাই পঞ্জীয়ন কৰা গোচৰ পৰৱৰ্তী পৰ্যায়ত সন্ত্রাসবাদ আৰু ধ্বংসাত্মক কাৰ্য্য-কলাপ প্ৰতিৰোধ আইন চমুকৈ টাডাৰ অধীনত ২০০১ চনত পঞ্জীয়ন কৰা হয় আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি মুঠ ৪৫ জনৰ বিৰুদ্ধে গোচৰ চলোৱা হয়। সুদীর্ঘ ৩৫ বছৰ ধৰি চলা এই গোচৰৰ বিচাৰৰ অন্তত আদালতে ইয়াৰে ৩৮ গৰাকীক দোষমুক্ত বুলি ঘোষণা কৰে। এই দোষমুক্ত ঘোষণা কৰাসকলৰ ভিতৰত আলফা নেতা- অৰবিন্দ ৰাজখোৱা,...

July 30, 2025 1:26 PM

views 38

২০ আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন বিভাগক নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে ২০ আগষ্টৰ ভিতৰত ৰূপৰেখা সহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। ন্যায়ালয়ে কালি বিভাগটোক আদালতত দাখিল কৰিবলগীয়া শপতনামাৰ বিষয়ে প্রশ্ন উত্থাপন কৰে। কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিগত ৫ মাহে শপতনামা দাখিল নোহোৱাক লৈ বন বিভাগক প্ৰশ্ন কৰে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই প্ৰশ্ন কৰে। উল্লেখযোগ্য যে শোণিতপুৰ জ...

July 20, 2025 7:27 PM

views 39

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰিব

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১৪ জুলাইত ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।

March 19, 2025 12:31 PM

views 46

বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিচাৰাধীন বিষয় নিষ্পত্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিভিন্ন বিচাৰাধীন বিষয় নিষ্পত্তিৰ উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক পুনৰ এমাহ সময় দিছে। ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত শুনানি গ্রহণ কৰি ন্যায়ালয়ে ইতিপূৰ্বে চিনাক্ত কৰা চাৰিটা বিষয় সন্দৰ্ভত কিয় উচিত ব্যৱস্থা লোৱা নাই সেই বিষয়ে প্রতিবেদন আকাৰে জনাবলৈও নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৫ নৱেম্বৰত ন্যায়ালয়ে এটা আদেশযোগে ৰাজ্য চৰকাৰক বিদেশী ন্যায়াধীকৰণসমূহৰ দ্বাৰা ৬টা মাহত নিষ্পত্তি কৰা গোচৰসমূহৰ তথ্...

February 18, 2025 7:53 PM

views 41

ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ কৰে। সামাজিক মাধ্যমত অশোভনীয় মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই আছিছৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশৰ পাছত অভিযুক্ত ইউটিউবাৰ আছিছ চাঞ্চলানি উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মৃদুল কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানি কালত অসম চৰকাৰৰ অধিবক্তাই ইউটিউবাৰজনৰ জামিনৰ বিৰোধিতা কৰি জাননি জাৰি কৰাৰ পাছতো তেওঁ আৰক্ষীৰ তদন্তকাৰী...

January 26, 2025 9:12 PM

views 58

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো আজি উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আৰক্ষী জোৱান আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু হৃষিকেশ ৰয়ৰ লগতে অন্যান্য ন্যায়াধীশ, অধিবক্তা আৰু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

November 3, 2024 12:34 PM

views 38

নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত প্রতিবেদন আদি চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিব লাগিব। একেদৰে চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন আবেদন, জিম্মাত বিচৰা আবেদন আদি নিষ্পত্তিৰ দায়িত্ব চিবিআইৰ ২ আৰু ৩ নম্বৰ অতিৰিক্ত আদালতক ...

September 29, 2024 11:40 AM

views 75

অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে। গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত উচ্চ মাধ্যমিক বিদ্যালয়সূহত শিক্ষা বিভাগে প্রধান শিক্ষক নিযুক্তি প্রক্রিয়া আগবঢ়াব নোৱাৰিব। উল্লেখযোগ্য যে ২০২৪ চনৰ আৰম্ভণিতে শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছিল। ৰাজ্য চৰকাৰে মজলীয়া বিদ্যালয়সমূহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰে যদিও মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলৰ জ্যেষ্ঠতাক শিক্ষা বিভাগে গুৰু...