গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিভিন্ন বিচাৰাধীন বিষয় নিষ্পত্তিৰ উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক পুনৰ এমাহ সময় দিছে। ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত শুনানি গ্রহণ কৰি ন্যায়ালয়ে ইতিপূৰ্বে চিনাক্ত কৰা চাৰিটা বিষয় সন্দৰ্ভত কিয় উচিত ব্যৱস্থা লোৱা নাই সেই বিষয়ে প্রতিবেদন আকাৰে জনাবলৈও নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৫ নৱেম্বৰত ন্যায়ালয়ে এটা আদেশযোগে ৰাজ্য চৰকাৰক বিদেশী ন্যায়াধীকৰণসমূহৰ দ্বাৰা ৬টা মাহত নিষ্পত্তি কৰা গোচৰসমূহৰ তথ্য আৰু সবিশেষ দিবলৈ নিৰ্দেশ দিছিল। অসম চৰকাৰৰ হৈ অতিৰিক্ত মহাধিবক্তাই এই বিষয়সমূহ নিষ্পত্তি কৰা হৈছে বুলি আদালতক অৱগত কৰিছিল। কালি অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে শুনানিকালত আদালতে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বিভিন্ন তথ্য জমা দিয়ে যদিও সম্পূৰ্ণ তথ্য দাখিলৰ বাবে এমাহৰ বিচাৰে। আদালতে এমাহৰ ভিতৰত এই বিষয়ৰ সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | March 19, 2025 12:31 PM | Gauhati High Court
বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিচাৰাধীন বিষয় নিষ্পত্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্দেশ