গুৱাহাটীৰ বিশেষ টাডা আদালতে টাডা গোচৰত অভিযুক্ত ৩৮ জন আলফা সদস্যক দোষমুক্ত ঘোষণা কৰিছে। ১৯৯১ চনত দিছপুৰ আৰক্ষী থানাই পঞ্জীয়ন কৰা গোচৰ পৰৱৰ্তী পৰ্যায়ত সন্ত্রাসবাদ আৰু ধ্বংসাত্মক কাৰ্য্য-কলাপ প্ৰতিৰোধ আইন চমুকৈ টাডাৰ অধীনত ২০০১ চনত পঞ্জীয়ন কৰা হয় আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি মুঠ ৪৫ জনৰ বিৰুদ্ধে গোচৰ চলোৱা হয়। সুদীর্ঘ ৩৫ বছৰ ধৰি চলা এই গোচৰৰ বিচাৰৰ অন্তত আদালতে ইয়াৰে ৩৮ গৰাকীক দোষমুক্ত বুলি ঘোষণা কৰে। এই দোষমুক্ত ঘোষণা কৰাসকলৰ ভিতৰত আলফা নেতা- অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰী, সুনীল নাথ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, মুনীন নবীচ আৰু অনাদৰ ঠাকুৰীয়াও আছে। অৱশ্যে, স্বাধীনপন্থী আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেওঁৰ তিনিজন সহযোগীক আদালতে পলাতক বুলি ঘোষণা কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, আৰক্ষীয়ে এই উগ্ৰপন্থী সদস্যসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, বলপূর্বক ধন দাবীকে ধৰি কেইবাটাও অভিযোগত অভিযোগনামা দাখিল কৰিছিল। সমস্ত বিচাৰ প্ৰক্ৰিয়াত আদালতে সর্বমুঠ ৩৭ জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰে। বিচাৰাধীন অৱস্থাতে কেইবাগৰাকীও অভিযুক্তৰ মৃত্যুও হয় বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | August 20, 2025 8:26 PM | Gauhati High Court
টাডা গোচৰত অভিযুক্ত ৩৮ জন আলফা সদস্যক দোষমুক্ত ঘোষণা