October 7, 2026 11:54 AM

views 15

বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্রদান

৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্রেকিং দ্যা জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত ৫টা ৰেডিঅ' কলাৰ লগোৱা হাতীৰ ৫ বছৰত সংগ্ৰহ কৰা ৩৮ হা...

July 7, 2026 11:59 AM

views 32

বন সপ্তাহৰ সামৰণি উপলক্ষে আজি প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ

ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীর্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিব...