July 7, 2026 11:59 AM | Forest

printer

বন সপ্তাহৰ সামৰণি উপলক্ষে আজি প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ

ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীর্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ’ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়ক গৰাকীৰ প্ৰশ্ন উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।