October 7, 2026 11:54 AM | Forest

printer

বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্রদান

৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্রেকিং দ্যা জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত ৫টা ৰেডিঅ’ কলাৰ লগোৱা হাতীৰ ৫ বছৰত সংগ্ৰহ কৰা ৩৮ হাজাৰতকৈ অধিক জি পি এছ অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্রদান কৰা হয়। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হয়। ছেফগার্দিং ৱাইল্ডলাইফ মোভমেন্ট শীর্ষক আনখন প্রতিবেদনত ধনশিৰি, লামডিং, হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হয়। এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত কয় যে বনকৰ্মীসকলৰ অক্লান্ত প্রচেষ্টাই অসমৰ বন আৰু বন্যপ্ৰাণীসমূহক নিৰাপদে ৰাখিছে।

উল্লেখযোগ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ বন্যপ্রাণী সপ্তাহ উদযাপন কৰা হৈছে। বন্যপ্ৰাণী সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণবিকাশ।