August 8, 2026 7:42 PM

views 18

উজনি অসমৰ ৪খন জিলাত কাইলৈৰ পৰা বানত হোৱা ক্ষয়-ক্ষতিৰ জৰীপ

শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্রয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । ইপিনে, ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্রিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে...

August 8, 2026 7:37 PM

views 26

গোলাঘাট জিলাৰ মৰঙি অঞ্চল পুনৰ বানৰ কবলত

শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়-ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙি অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে।  জিলাখনৰ খুমতাই সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চলৰ কেন্দুগুৰি আৰু কৰদৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাওঁসমূহৰ বিস্তৃর্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে ন বিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে।