শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্রয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
ইপিনে, ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্রিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান ৪ শৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাষণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কৱলত আছে। বানত ৪৬৪ খন গাঁৱৰ ১ লাখ ৫৫ হাজাৰ লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৭৪৮ দশমিক ৬-৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ হৈছেগৈ।
বানক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ-মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্রম দান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেতবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠমন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে ।