August 19, 2026 1:46 PM

views 11

যোৱানিশা হোৱা এজাক বৰষুণত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি

যোৱানিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিল নগৰ, ডাউনটাউন, ৰুক্মিনীগাঁও, বেলতলা ছাৰ্ভে, সাতগাঁও, জটীয়া, জুৰোড আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। মহানগৰৰ বিভিন্ন পথ-উপপথসমূহত হোৱা কৃত্রিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুর্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাঙি পৰা বুলি জান...

July 17, 2026 8:44 PM

views 21

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্রিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আহিবলগীয়া বাহনসমূহ সোনাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ এই নিৰ্দেশনা উল্লেখ কৰা হৈছে। কৃত্রিম বানৰ ফলত যোৰাবাটত যান-জটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আৱদ্ধ হৈ আছে।

August 28, 2025 7:17 PM

views 97

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গু...

August 28, 2025 1:16 PM

views 48

মহানগৰীত কালি সন্ধিয়া অহা ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাটত এজন লোকৰ প্ৰাণহানি

গুৱাহাটী মহানগৰীত কালি সন্ধিয়াৰ ভাগত হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে যোৰাবাটত এজন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰুক্মিণী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথত আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

August 17, 2025 12:17 PM

views 51

আজি পুৱতি নিশাৰ ধাৰাষাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্রিম বান

পুৱতি নিশা বিজুলী-ঢেৰেকণিৰ সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্রিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুতৰ যোগান বিচ্ছিন্ন হৈছে। অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে গ্ৰাহকক বিদ্যুতৰ নিয়মীয়া যোগান ধৰিবলৈ তৎপৰতাৰে কাম কৰি আছে। গুৱাহাটীৰ কিছু কিছু অঞ্চলত ৰাজপথ আৰু পদপথসমূহো পানীত বুৰ যোৱাত যান বাহনৰ চলাচল আৰু স্বাভা...