গুৱাহাটী মহানগৰীত কালি সন্ধিয়াৰ ভাগত হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে যোৰাবাটত এজন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰুক্মিণী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথত আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
Assamese | August 28, 2025 1:16 PM | flood guwahati
মহানগৰীত কালি সন্ধিয়া অহা ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাটত এজন লোকৰ প্ৰাণহানি