August 19, 2026 1:46 PM | flood guwahati

printer

যোৱানিশা হোৱা এজাক বৰষুণত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি

যোৱানিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিল নগৰ, ডাউনটাউন, ৰুক্মিনীগাঁও, বেলতলা ছাৰ্ভে, সাতগাঁও, জটীয়া, জুৰোড আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। মহানগৰৰ বিভিন্ন পথ-উপপথসমূহত হোৱা কৃত্রিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুর্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাঙি পৰা বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।