August 4, 2026 6:44 PM

views 3

ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয় পৰিচলনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি

বিদ্যালয় শিক্ষা বিভাগে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০১৯ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বাবে বিদ্যালয় পৰিচলনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অধিসূচনা মতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত পূৰ্বৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ পৰিৱৰ্তে বিদ্যালয় পৰিচালনা সমিতি গঠন কৰিব লাগিব। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত এই সমিতি গঠন কৰিব লাগিব। বিদ্যালয় পৰিচালনা সমিতি...

December 11, 2025 12:08 PM

views 25

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্রতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ২০২৬ চনৰ ৩১ মার্চৰ ভিতৰত একাংশ শিক্ষক-শিক্ষয়িত্রীৰ অৱসৰ গ্রহণৰ পাছত খালী হ'বলগীয়া পদসমূহৰ সবিশেষ তথ্যও দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে। অহা ২০ ডিচেম্বৰৰ ভিতৰত এই প্রক্রিয়া সম্পন্ন কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চ...

September 9, 2024 8:07 PM

views 53

অৱসৰ ল’ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ

ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা অহা বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৱসৰ ল'ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া নিম্ন প্ৰাথমিক, উচ্চ প্রাথমিক শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ তথ্য নিৰ্দিষ্ট প্ৰ-পত্ৰত ১৯ ছেপ্তেম্বৰৰ ভিতৰত ই-মেইলৰ জৰিয়তে সঞ্চালকালয়ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। শিক্ষা বিভাগৰ এক সূত্র অনুসৰি অহা বৰ্ষৰ ভিতৰত অহতাসম্পন্ন প্রার্থীয়...