ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা অহা বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৱসৰ ল‘ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া নিম্ন প্ৰাথমিক, উচ্চ প্রাথমিক শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ তথ্য নিৰ্দিষ্ট প্ৰ-পত্ৰত ১৯ ছেপ্তেম্বৰৰ ভিতৰত ই-মেইলৰ জৰিয়তে সঞ্চালকালয়ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। শিক্ষা বিভাগৰ এক সূত্র অনুসৰি অহা বৰ্ষৰ ভিতৰত অহতাসম্পন্ন প্রার্থীয়ে আবেদন কৰিব পৰাকৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহস্ৰাধিক পদ মুকলি হোৱাৰ সম্ভাৱনা আছে।
Assamese | September 9, 2024 8:07 PM | education department
অৱসৰ ল’ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ