ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয় পৰিচলনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি

বিদ্যালয় শিক্ষা বিভাগে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০১৯ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বাবে বিদ্যালয় পৰিচলনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অধিসূচনা মতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত পূৰ্বৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ পৰিৱৰ্তে বিদ্যালয় পৰিচালনা সমিতি গঠন কৰিব লাগিব। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত এই সমিতি গঠন কৰিব লাগিব। বিদ্যালয় পৰিচালনা সমিতিত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, শিক্ষাবিদ, স্থানীয় চৰকাৰী কৰ্তৃপক্ষৰ প্ৰতিনিধি, বিষয় বিশেষজ্ঞ, প্রাক্তন ছাত্র-ছাত্রী আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব। অধিসূচনাত উল্লেখ থকা অনুসৰি ১০০ গৰাকী পর্যন্ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বিদ্যালয় পৰিচলনা সমিতিত ১২ৰ পৰা ১৫জন সদস্য, ১০০ৰ পৰা ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ১৫ৰ পৰা ২০জন আৰু ৫০০তকৈ অধিক হ’লে সদস্যৰ সংখ্যা ২০ৰ পৰা ২৫গৰাকী হ’ব। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকাল দুবছৰ হ’ব আৰু সমিতিখনে মাহত এবাৰ বৈঠকত মিলিত হ’ব লাগিব। অধিসূচনাত উল্লেখ কৰা অনুযায়ী সমিতিয়ে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলৰ পুনৰ নামভৰ্তি কৰা, প্রধানমন্ত্ৰী পৰিপুষ্টি শক্তি নির্মাণ আঁচনি আৰু স্বাস্থ্য সম্পৰ্কীয় পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰা বিদ্যালয়ৰ বাজেট পুনৰীক্ষণ কৰা আদি কাম-কাজসমূহৰ তদাৰক কৰিব লাগিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।