August 9, 2025 11:53 AM

views 58

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেডৰ শ্বিলং লাজং দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত কালি নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং দলক ২-১ৰ ব্যাৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধতে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ১-০ৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে ৮১ মিনিটত এটা গল দি সমতা স্থাপন কৰে। যদিও ইযাৰ খন্তেক পাছতে নৰ্থ-ইষ্ট ইউনাইটেডৰ ফৰৱাৰ্ড খেলুৱৈ আলাদ্দিন আজাৰিয়ে আন এটা গল দি দলটোক জয়ৰ দিশে লৈ যায়। এই জয়ৰ সুবাদত নৰ্থ-ইষ্ট ইউনাইটেড এফ চি প্ৰতিযোগিতাৰ গ্ৰুপ-ইৰ শীৰ্ষ স্থানত আছ...

July 30, 2025 8:59 PM

views 53

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ বড়োলেণ্ড এফ চি – কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত বড়োলেণ্ড এফ চি - কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এই খেলখন বিয়লি চাৰি বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড ফুটবল প্রতিযোগিতাত অসমৰ দুটা ফুটবল ক্লাৱে খেলাৰ সুযোগ লাভ কৰিছে। ইপিনে, মণিপুৰৰ ইম্ফলত ট্রাউ এফ চি আৰু নেৰ'কা এফ চিৰ মাজত আজি অনুষ্ঠিত গ্রুপ খেলখন ১-১ গলত অমিমাংসিত হৈ ৰয়। খেলখনৰ দ্বিতীয়াৰ্ধত ৰাজে দিয়া গ'ল...

July 26, 2025 8:37 PM

views 40

কোকৰাঝাৰত কাইলৈৰ পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰত কাইলৈৰ পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব। কোকৰাঝাৰত কালি বিয়লি ৪ বজাত হ'বলগীয়া প্ৰথমখন খেলত অসমৰ মর্নিং ষ্টাৰ এফ চি, আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰ এফ চিয়ে অসমৰ দ্বিতীয়টো দলৰূপে এই ঐতিহাসিক ফুটবল প্রতিযোগিতাত অভিষেক কৰাৰ গৌৰৱ লাভ কৰিছে। বড়োলেণ্ড এফ চিয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰথম ক্লাব হিচাপে ডুৰাণ্ড কাপত ভাগ লৈছে। ইপিনে মেঘালয়ৰ শ্বিলঙত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত শ্বিলং লাজং এফ চিয়ে মালয়েছ...

September 1, 2024 1:09 PM

views 51

নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত গুৱাহাটীৰ দলটোৱে বিগত বৰ্ষৰ ছেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ বিজয়ী মোহন বাগান দলক টাইব্রেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেডে প্রতিখন খেলতে জয়লাভ কৰিছে।

August 18, 2024 7:53 PM

views 57

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত  ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ পুৰণি তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ গ্ৰুপ লীগৰ খেলসমূহৰ অন্তত ৮ টা দলে কোৱাৰ্টাৰ ফাইনেল খেলিব। ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগ...

July 3, 2024 1:16 PM

views 65

অহা ৭ জুলাইত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ আৰম্ভ

এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ অহা ৭ জুলাইত আৰম্ভ হ'ব। ভাৰতীয় সেনাই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ অসমৰ কোকৰাঝাৰৰ লগতে শ্বিলং, জামছেদপুৰ আৰু কলকাতাকে ধৰি দেশৰ ৪ খন চহৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশগ্রহণ কৰিব।