কোকৰাঝাৰত কাইলৈৰ পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব। কোকৰাঝাৰত কালি বিয়লি ৪ বজাত হ’বলগীয়া প্ৰথমখন খেলত অসমৰ মর্নিং ষ্টাৰ এফ চি, আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰ এফ চিয়ে অসমৰ দ্বিতীয়টো দলৰূপে এই ঐতিহাসিক ফুটবল প্রতিযোগিতাত অভিষেক কৰাৰ গৌৰৱ লাভ কৰিছে। বড়োলেণ্ড এফ চিয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰথম ক্লাব হিচাপে ডুৰাণ্ড কাপত ভাগ লৈছে। ইপিনে মেঘালয়ৰ শ্বিলঙত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত শ্বিলং লাজং এফ চিয়ে মালয়েছিয়াৰ আমি ফুটবল দলক ৬-০ গ’লত পৰাস্ত কৰে।
Assamese | July 26, 2025 8:37 PM | Durand Cup
কোকৰাঝাৰত কাইলৈৰ পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা