March 4, 2025 6:12 PM

views 63

চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ সম্বন্ধক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে ব্ৰিটেইনৰ বিদেশ সচিব ডেভিড লেমিৰ লগতে অন্যান্য চৰকাৰী উচ্চ পদস্থ বিষয়াক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে দুদিনীয়া ভ্রমণসূচীৰে ড° জয়শংকৰ আয়াৰলেণ্ডত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ছাইমন হেৰিছ আৰু অন্যান্য বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। তাত তেওঁ প্রবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব।

February 24, 2025 7:57 PM

views 52

এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন,...

February 24, 2025 12:53 PM

views 54

ড° এছ জয়শংকৰৰ নেতৃত্বত অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই আজি একেলগে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা দলটোৱে কালি কাজিৰঙাত নিশা যাপন কৰে। ৰাষ্ট্ৰদূতসকলৰ বাবে নিশা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ বাৰেৰহনীয়া কলা- সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। দলটোৱে আজি পুৱা হাতী ছাফাৰী কৰাৰ পাছত মিহিৰমুখৰ পিলখানাত হাতীক বিভিন্ন খাদ্য খুৱায়। ...

February 21, 2025 8:25 PM

views 53

চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত ড° এছ জয়শংকৰৰ

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকৰ আপাহতে আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয়, যে বৈঠকত তেওঁলোকে সীমান্ত অঞ্চলত শান্তিৰ বাবে দ্বিপাক্ষিক সম্পর্ক উন্নীতকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত কৈলাশ মানসৰোৱৰ যাত্ৰা, পোনপটীয়া বিমান সংযোগ পুনৰ আৰম্ভ কৰা, ভ্ৰমণৰ সুবিধা আদিৰ বিষয়ে আলোচনা কৰা হয় বুলি মুখপাত্ৰগৰাকীয়ে ...

February 21, 2025 8:24 PM

views 58

জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি প্ৰকাশ কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি- ২০ বিদেশ মন্ত্ৰীৰ বৈঠকত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি, স্বাস্থ্য নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি প্রতিষ্ঠা আৰু মহিলাৰ উন্নয়নৰ দিশসমূহ সামৰি লোৱা হৈছে। তেওঁ লগতে কয় যে জি-২০য়ে সদায় প্রতিযোগিতাতকৈ সহযোগিতাৰ মনোভাৱক অগ্ৰাধিকাৰ দি আহিছে। আন্তঃৰাষ্...

January 30, 2025 8:43 PM

views 70

দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে ড° এছ জয়শংকৰৰ মতবিনিময়

বৈদেশীক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজি দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে এটা মতবিনিময় অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত ড° জয়শংকৰে শিক্ষার্থীসকলক উদ্দেশ্যি কয়, যে যুৱ চামৰ অবিহনে বিকশিত ভাৰতৰ পৰিকল্পনা কেতিয়াও সম্ভৱ নহয়। তেওঁ যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবৰ বাবে স্বাধীনভাবে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব পৰাৰ সুবিধা প্ৰদান কৰা উচিত। ড° জয়শংকৰে শিক্ষার্থীসকলক নিজৰ নিজৰ ক্ষেত্ৰসমূহত ভাল প্র...

November 25, 2024 8:43 PM

views 55

ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ভূমধ্যসাগৰীয় সংলাপ সন্মিলনৰ সুযোগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স অংশীদাৰিত্বৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয়, ইউক্রেইন আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় লৈ আলোচনা কৰে। ড০ জয়শংকৰে লেবাননৰ বিদেশ মন্ত্ৰী আবদাল্লা বৌ হাবিব আৰু ক্ৰ'ৱেছিয়াৰ বিদেশ মন্ত্ৰী গৰ্ডান গ্রিলিক ৰেডমেনকো সাক্ষাৎ কৰে।

November 25, 2024 8:42 PM

views 55

ইটালীৰ ৰোমত ভূমধ্যসাগৰীয় আলোচনা সম্পৰ্কীয় সন্মিলনত ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয়, যে ভাৰতে সন্ত্ৰাসবাদ আৰু জনসাধাৰণক পণবন্দী কৰাৰ দৰে ঘটনাক সমানেই নিন্দা কৰে। ইটালীৰ ৰোমত ভূমধ্যসাগৰীয় আলোচনা সম্পৰ্কীয় সন্মিলনত নিজৰ উদ্বোধনী ভাষণত ড০ জয়শংকৰে এই মন্তব্য কৰি কয়, যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন কোনো কাৰণতেই অৱহেলা কৰিব পৰা নাযায় আৰু সকলো দেশকে যুদ্ধ বিৰতিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। তেওঁ পেলেষ্টাইনৰ জনসাধাৰণৰ ভৱিষ্যতৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ড০ জয...

November 13, 2024 8:38 PM

views 50

গাজাৰ সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ ডº এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ডº এছ জয়শংকৰে পশ্চিম এছিয়াৰ পৰিস্থিতি, বিশেষকৈ গাজাৰ সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ কৰিছে। ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয়, যে এই ক্ষেত্ৰত দেশে অটল আৰু আদৰ্শকেন্দ্ৰিক স্থিতি গ্ৰহণ কৰি আহিছে। ভাৰতে নিৰীহ জনসাধাৰণৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰি সন্ত্ৰাসবাদ আৰু অপহৰণ কাৰ্য্যক গৰিহণা দি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীজয়শংকৰে পেলেষ্টাইনৰ সমস্যাৰ সমাধানৰ বাবে ডি ৰাষ্ট্ৰৰ সমাধান-সূত্ৰৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। নতুন দিল্লীত আজি ছৌদি আৰৱৰ বিদেশ মন্ত্ৰী যুৱৰাজ ফেইজল বিন ফৰহান অলছাউ...

October 16, 2024 8:47 PM

views 50

ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অভিহিত

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি অভিহিত কৰিছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত ৮ খন নথিত স্বাক্ষৰ কৰা হয়। ভাৰতে আলাপ-আলোচনাত ইতিবাচক আৰু গঠনমূলক অৱদান আগবঢ়োৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে, বৈঠকত ভাৰতৰ দৃষ্টিভংগীৰে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ অৱধাৰণা সন্দৰ্ভত আলোচনাৰ সূত্ৰপাতসহ ৮ টা মূল পৰিণামৰূপে পৰিগণিত হৈছে। তেওঁ ডি পি আই আৰু ডিজিটেল অন্তর্ভুক্তি চ...