বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ সম্বন্ধক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে ব্ৰিটেইনৰ বিদেশ সচিব ডেভিড লেমিৰ লগতে অন্যান্য চৰকাৰী উচ্চ পদস্থ বিষয়াক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে দুদিনীয়া ভ্রমণসূচীৰে ড° জয়শংকৰ আয়াৰলেণ্ডত উপস্থিত হ‘ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ছাইমন হেৰিছ আৰু অন্যান্য বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হ‘ব। তাত তেওঁ প্রবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব।
Assamese | March 4, 2025 6:12 PM | DR. S. joysankar
চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা ড° এছ জয়শংকৰৰ