August 18, 2024 11:16 AM

views 46

স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্রীয় আইন প্ৰণয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ভাৰতীয় চিকিৎসা সংস্থাৰ পত্ৰ প্ৰেৰণ

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে আৰু স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কেন্দ্রীয় আইন প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ হস্তক্ষেপ বিচাৰিছে। চিকিৎসা সংস্থাই লগতে চিকিৎসালয়সমূহত বিমান বন্দৰৰ দৰে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। প্রধানমন্ত্ৰীলৈ লিখা পত্ৰখনত চিকিৎ‍সালয়ত সংঘটিত অপৰাধৰ তদন্ত নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে আৰু শোকসন্তপ্ত পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে ব...

August 17, 2024 10:47 AM

views 54

ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে। চিকিৎসা সংস্থাই পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডি বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্রীয় আইন প্রণয়ন কৰিবলৈ আহ্বান জনাইছে। ইপিনে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এটা নির্দেশ যোগে কৈছে যে, চিকিৎসকৰ সৈতে সংঘটিত হিং...

August 16, 2024 7:00 PM

views 53

কাইলৈ পুৱাৰ পৰা ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা ৬ বজাৰপৰা ২৪ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটী ৱাৰ্ডসমূহ খোলা ৰখা হ'ব। বিজ্ঞপ্তিখনত লগতে এইবুলি কোৱা হৈছে যে এই সময়ছোৱাত বৰ্হিঃবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷