ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা ৬ বজাৰপৰা ২৪ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটী ৱাৰ্ডসমূহ খোলা ৰখা হ’ব। বিজ্ঞপ্তিখনত লগতে এইবুলি কোৱা হৈছে যে এই সময়ছোৱাত বৰ্হিঃবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
Assamese | August 16, 2024 7:00 PM | Doctors Strike
কাইলৈ পুৱাৰ পৰা ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান