ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে আৰু স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কেন্দ্রীয় আইন প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ হস্তক্ষেপ বিচাৰিছে। চিকিৎসা সংস্থাই লগতে চিকিৎসালয়সমূহত বিমান বন্দৰৰ দৰে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। প্রধানমন্ত্ৰীলৈ লিখা পত্ৰখনত চিকিৎসালয়ত সংঘটিত অপৰাধৰ তদন্ত নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে আৰু শোকসন্তপ্ত পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰা হৈছে। সংস্থাই লগতে চিকিৎসকসকলৰ বাবে কৰ্মস্থলীত উন্নত বাতাবৰণৰ হকে দাবী জনাইছে।
Assamese | August 18, 2024 11:16 AM | Doctors Strike
স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্রীয় আইন প্ৰণয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ভাৰতীয় চিকিৎসা সংস্থাৰ পত্ৰ প্ৰেৰণ