July 28, 2025 9:12 PM

views 52

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র' হোৱাৰ পাছত টাই ব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

June 14, 2024 12:08 PM

views 41

বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাত দিব্যা দেশমুখৰ খিতাপ দখল

ভাৰতৰ দিব্যা দেশমুখে ছোৱালীৰ বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্‌ট চিটী ক্লাৱত অনুষ্ঠিত খেলত খেলুৱৈগৰাৰীয়ে বুলগেৰিয়াৰ বেলোস্লেভা ক্ৰাচস্তিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষ বাছনিৰ দিব্যাই ক্ৰাচস্তিভাক দশম ৰাউণ্ডত মাত্ৰ ২৬ মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ প্ৰথমটো ইউ-২০ খিতাপ।