March 19, 2025 9:24 PM

views 75

২৬ আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত আই পি এল

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰেপৰা টিকট কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকাত টিকট বিক্ৰী কৰা হৈছে। আজি দ্বিতীয় দিনা কাউণ্টাৰ খোলাৰ কিছু সময়ৰ পাছতে শিক্ষাৰ্থীৰ বাবে মুকলি কৰা ৪০০ টিকটৰ বিক্ৰী সম্পূৰ্ণ হয়। কাইলৈ পুনৰ শিক্ষাৰ্থীৰ বাবে ২০০ টিকট বিক্ৰী কৰা হ'ব। টিকট ক্ৰয়ৰ বাবে শিক্ষার্থীয়ে শিক্ষানুষ্ঠানৰ সঠিক প্ৰমাণপত্ৰ দেখুৱাব লাগিব। আনহাতে, ৩০ তাৰিখৰ খেল...

March 17, 2025 7:21 PM

views 49

উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ

উত্তৰ গুৱাহাটীৰ ডেকাবাৰীৰ অসম ক্রিকেট সন্থাৰ নৱনিৰ্মিত ক্রিকেট গ্রাউণ্ডত আজি ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ হৈছে। আজিৰ প্ৰথমখন খেলত হাৰিয়ানাই কৰ্ণাটকক ছয় উইকেটত পৰাস্ত কৰে। খেলখনত কৰ্ণাটকে প্রথমে বেট ধৰি ৪৯ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২১৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হাৰিয়ানাই ৪২ অভাৰত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। কাইলৈ দিল্লী আৰু বৰোডাৰ মাজত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব।

March 13, 2025 3:24 PM

views 50

সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা ১৫ মাৰ্চত একেখন ষ্টেডিয়ামতে মহিলা প্রিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব।

March 6, 2025 8:39 PM

views 65

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হৈছে। উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছ ৬ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থান আছে আৰু ইউ পি ৱাৰিয়ৰ্ছ ৪ পইণ্টেৰে পঞ্চম স্থান আছে। অহা ১১ মাৰ্চত লীগ পৰ্যায়ৰ খেলৰ অন্ত পৰিব। পইণ্ট তালিকাৰ শীৰ্ষ স্থানৰ দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। দ্বিতীয় আৰু তৃতীয় স্থানত থকা দল দুটাই ১৩ মাৰ্চত এখন প্লে অফ খেলত অৱতীৰ্ণ হ'ব আৰু বিজয়ী দলটোৱে ফা...

March 6, 2025 11:59 AM

views 66

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে অপৰাজিত ১০০, ৰেজি ভেণ্ডেৰ দ...

March 4, 2025 11:01 AM

views 51

দিনৰ ২.৩০ বজাত আই চি চি চেম্পিয়নছৰ প্ৰথমখন ছেমিফাইনেল

● ডুবাইত আজি আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। গ্ৰুপ-এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। নিউজিলেণ্ডে কাইলৈ লাহোৰত গ্ৰুপ-বি বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব।

February 10, 2025 12:13 PM

views 50

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী

ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্রিকেট শৃংখলাৰ কালি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী হয়। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে । ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতক তথা শুভমন গিল, শ্রেয়ছ আয়াৰ আৰু অক্ষৰ পেটেলৰ দর্শনীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু তিনিটা বলত আলহী দলটোৱে বান্ধি দিয়া ৩০৫ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। ৰোহিত শৰ্মাই ৯০টা বলত ১১৯, শুভমন গিলে ৬০, শ্ৰেয়ছ আয়াৰে ৪৪ আৰু অক্ষৰ পেটেলে অপৰাজিত ৪১ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ গাছ এটকিনছনে সর্ব...

February 7, 2025 10:49 AM

views 34

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪ উইকেটত জয়লাভ

নাগপুৰৰ বিধৰ্ভ ক্রিকেট এছোছিয়েছন ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ ৩ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডে প্রথমে বেট ধৰি ৪৭ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৮ অভাৰ আৰু ৪টা বলত ৬টা উইকেটৰ বিনিময়ত ২৫১ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়। এই বিজয়েৰে ভাৰতে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিলে। শৃংখলাৰ দ্বিতীয়খন খেল পৰহিলৈ কটকত অনুষ্ঠিত হ'ব।

January 28, 2025 9:06 PM

views 69

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৩৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম ক্রিকেট সন্থাৰ শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত সন্থাৰ কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ খেলৰ বিভিন্ন দিশ পৰীক্ষা কৰে। এই শিবিৰৰ পৰা ১৫ ...

January 28, 2025 7:37 PM

views 66

নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা

আন্তর্জাতিক ক্রিকেট পৰিষদ, আই চি চিয়ে নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষৰ ভাল প্ৰদৰ্শন কৰা মহিলা ক্রিকেট খেলুৱৈসকলৰ মাজৰ পৰা নিউজিলেণ্ডৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীক এই সন্মানৰ বাবে বাচনি কৰা হয়। এমিলিয়া কেৰ হৈছে আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা নিউজলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ।