January 19, 2026 6:54 PM

views 59

ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্রবাসী ভাৰতীয়সকলে আন্তৰিকতাৰে আদৰণি জনায়। ড০ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মগৰত্নমক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰে। তেওঁ অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগাকো সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্...

January 19, 2026 8:51 PM

views 83

৬ ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ অহা ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৭৫ হাজাৰ যুৱকে আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। সমগ্ৰ ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ পুঁজি বিতৰণ সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয়।

January 17, 2026 12:46 PM

views 99

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে দুই লাখ টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে স্নাতক পৰীক্ষাত উত্তীর্ণসকলক আর্থিকভাৱে সহায়ৰ অৰ্থে ১১ ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নির্মীয়মান কেইবাখনো উৰণ সেতুও ফেব্ৰুৱাৰীতে ...

January 13, 2026 5:05 PM

views 63

উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিত মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ ১৪ হাজাৰ ১৩৫ গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। শ্ৰীভূমি জিলাৰ ক্রীড়া সন্থা খেলপথাৰত এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষন দি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলক আর্থিকভাৱে সবল কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ মহিলাসকলক এই ধনৰাশিৰ যথোচিত ব্যৱহাৰেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। ড০ শৰ্মাই ইয়াৰ পাছত আজি কাটিগড়া আৰু বৰখলা...

January 9, 2026 12:12 PM

views 60

এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এট...

January 9, 2026 11:29 AM

views 81

লখিমপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ৪০ কোটি টকা ব্যয়সাপেক্ষে অসম মালা আঁচনিৰ অধীনত ন- আলিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱন আৰু ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প...

January 6, 2026 7:48 AM

views 72

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা...

January 6, 2026 7:45 AM

views 62

সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ...

January 3, 2026 7:10 PM

views 106

ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ ২৮ হাজাৰ ৯৩ গৰাকী মহিলাৰ মাজত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কমেও ১২ লাখ বিঘা দখলিকৃত ভূমি আছে। এই ভূমি পর্যায়ক্রমে দখলমুক্ত কৰা হ'ব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্রবেশকাৰী...

January 3, 2026 6:23 PM

views 83

১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব

বিহু আৰু ঝুমুৰৰ পাছত অহা ১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়। নির্বাচন আয়োগে পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকাত তিনিটা আদিম জনজ...