November 6, 2024 10:19 AM

views 68

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মু...

November 5, 2024 2:27 PM

views 88

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন...

October 13, 2024 8:41 PM

views 59

ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰ...

October 10, 2024 7:16 PM

views 79

গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু...

October 9, 2024 7:07 PM

views 32

যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ শাৰদীয় দুর্গোৎসৱ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

October 5, 2024 9:34 AM

views 84

দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। জালুকবাৰী, নিউ-গুৱাহাটী সমজিলাখন আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত গঠন হ'বলগীয়া আন দুখন সমজিলা দিছপুৰ আৰু ডিমৰীয়া মন্ত্ৰী চন্দ্ৰমোহন...

October 4, 2024 11:29 AM

views 72

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্রাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ'ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ ক...

October 1, 2024 2:44 PM

views 84

ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰহিলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত শ্ৰী শৰ্মাই কয় যে ইয়াৰ পাছত অচিৰেই সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব। তেওঁ কয় যে ঝাৰখণ্ড ৰাজ্য গঠন কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হেমন্ত চোৰেণ চৰকাৰ ব্যৰ্থ হৈছে। শ্ৰী শৰ্মাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে নক্সা প্রস্তুত কৰিছে।

October 1, 2024 10:04 AM

views 56

ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে অব্যাহত থকা সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত দেশৰ ভিতৰত ৮৫ শতাংশ সদস্য ভৰ্তিৰ লক্ষ্য প্রাপ্তিৰে বিশেষ নজিৰ স্থাপন কৰিছে। এইক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থানত থকা ব...

October 1, 2024 9:53 AM

views 94

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা কৰিছে। কালি গুৱাহাটীত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এন আৰ চিৰ বিষয়টো এতিয়া কেৱল অসমৰ সমস্যা বা বিষয় নহয়। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি যুগুতৰ বিষয়টোক লৈ সংসদত মুকলিমুৰীয়াকৈ আলোচনা হ'ব লাগে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে যিদৰে শুদ্ধ এন আৰ চি বিচাৰি আছে তথা ২০ শতাংশ পুনৰীক্ষণৰ সুবিধা দিব লাগে বুলি কৈ আছে, ঠিক তেনেকৈ ঝাৰখণ্ড বা অন্য ৰাজ্যতো...