অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰহিলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত শ্ৰী শৰ্মাই কয় যে ইয়াৰ পাছত অচিৰেই সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ’ব। তেওঁ কয় যে ঝাৰখণ্ড ৰাজ্য গঠন কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হেমন্ত চোৰেণ চৰকাৰ ব্যৰ্থ হৈছে। শ্ৰী শৰ্মাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে নক্সা প্রস্তুত কৰিছে।
Assamese | October 1, 2024 2:44 PM | CM Jharkhand | CMO Assam | himanta bisha sarma
ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সংক্ষিপ্ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবঃ হিমন্ত বিশ্ব শৰ্মা