July 31, 2026 8:18 PM

views 11

শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে ৫ আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক

শেহতীয়া বানত ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ যিকোনো বাহন অথবা আন বীমাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি অহা ৫ আগষ্টত বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি ক্ষতিগ্রস্ত লোকসকলে বীমাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত ড০ শৰ্মাই কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবার্ডসহ সকলো বেংক...

July 31, 2026 8:13 PM

views 10

দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত আজিৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি কয়, যে ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰৰ লক্ষ্যৰে অসম সংকুচিত জৈৱ গেছ নীতি ২০২৬ত অনুমোদন জনোৱা হয়।  উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়ে এই নীতিৰ ৰাজ্যিক নডেল সংস্থা হিচাপে দায়িত্ব সম্পাদন কৰিব।  মন্ত্রীসভাই গোৱালপাৰাৰ প্ৰস্তাৱিত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চল আৰু থৰকো নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘো...

July 15, 2025 8:26 PM

views 51

ৰাজ্যত মুঠ ১,১৯,৫৪৮ বিঘা ভূমি অবৈধ দখলৰপৰা মুক্ত কৰা হৈছে : মুখ্যমন্ত্ৰী

ৰাজ্যত মুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা ভূমি অবৈধ দখলৰপৰা মুক্ত কৰা হৈছে। ইয়াৰে ৮৪ হাজাৰ ৭৪৩ বিঘা বনাঞ্চলৰ, ৩ হাজাৰ ৬৪৩ বিঘা গাঁৱৰ চৰণীয়া পথাৰ আৰু সংৰক্ষিত চৰণীয়া পথাৰ, ৪ হাজাৰ ৪৪৯ বিঘা সত্ৰ-নামঘৰ-মন্দিৰৰ ভূমি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দখলমুক্ত কৰা ভূমি গুৱাহাটী মহানগৰীৰ আকাৰৰ সমান। উচ্ছেদ কৰা ভূমিৰ ভিতৰত শোণিতপুৰত সৰ্বাধিক ৩৯ হাজাৰ ৫২৭ বিঘাৰো অধিক, দৰঙত ১৭ হাজাৰ ৯০৫ বিঘা আৰু লখিমপুৰত ১৩ হাজাৰ ৪৮১ বিঘাৰো অধিক ভূমি আছে বুলি মুখ্যমন্ত্ৰ...

March 23, 2025 12:04 PM

views 30

ধেমাজিৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ’ব : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ সীমামূৰীয়া গাঁও সমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে জিলাখনত সীমা সমস্যা থকা দহখন গাঁৱৰ ভিতৰত ৭ খনৰ সমস্যা সমাধান হৈছে আৰু ৩ খনৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰা হ'ব। ড° শৰ্মাই কালি ধেমাজি আৰু ঢকুৱাখনা সমষ্টিৰ কেইবাটাও ক্ষেত্ৰৰ উন্নয়নৰ বুজ লয়। তেও পূৰ্বৰ মন্ত্ৰীসভাৰ বৈঠকত কৰা ধেমাজি কে...