শেহতীয়া বানত ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ যিকোনো বাহন অথবা আন বীমাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি অহা ৫ আগষ্টত বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি ক্ষতিগ্রস্ত লোকসকলে বীমাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত ড০ শৰ্মাই কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবার্ডসহ সকলো বেংকৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠকত জিলাকেইখনৰ বান প্ৰভাৱিত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
Assamese | July 31, 2026 8:18 PM | CM Press Meet
শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে ৫ আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক