দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত আজিৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি কয়, যে ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰৰ লক্ষ্যৰে অসম সংকুচিত জৈৱ গেছ নীতি ২০২৬ত অনুমোদন জনোৱা হয়।
উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়ে এই নীতিৰ ৰাজ্যিক নডেল সংস্থা হিচাপে দায়িত্ব সম্পাদন কৰিব।
মন্ত্রীসভাই গোৱালপাৰাৰ প্ৰস্তাৱিত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চল আৰু থৰকো নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। মন্ত্রীসভাই লগতে অসম পশুপালন আৰু পশু চিকিৎসা অধীনৰ সেৱা সংশোধনী বিধি ২০২৬ত অনুমোদন জনায়। এই সংশোধনীৰ জৰিয়তে পশু চিকিৎসা ক্ষেত্ৰ সহায়কসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহত স্বচ্ছতা, মেধাভিত্তিক বাছনি নিশ্চিত হ’ব ।