March 22, 2025 11:57 AM

views 68

মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, শুকানগুৰিত বদৌচা কলাক্ষেত্র নির্মাণ, সুকীয়া ভূমি নীতি, ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ আবাস আৰু অতিথিশালাৰ বাবে ভূমিৰ আৱণ্টন, জনগোষ্ঠীটোৰ ঐতিহাসিক কীর্তি চিহ্নসমূহ সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে জনগোষ্ঠীটোৰ দাবী তথা সমস...

March 18, 2025 12:26 PM

views 50

ৰাজ্যৰ শিপিনিসকলৰ পৰা অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে শিপিনীসকলে গামোচাৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এইবছৰ চাৰে ৬ লাখ গামোচা ক্রয় কৰিছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ শিপিনীসকলক গামোচাৰ উচিত মূল্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে স্বনিৰ্ভৰ নাৰী নামৰ আঁচনিখনৰ জৰিয়তে এই ব্যৱস্থা লৈছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰে নিৰ্দিষ্ট ন...

February 15, 2025 6:42 PM

views 47

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রী সংবাদমেল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত আয়োজিত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। এই সন্মিলনত বৰ্তমানলৈ ৭ হাজাৰ প্ৰতিষ্ঠানে পঞ্জীয়ন কৰাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, যে জাপানে অসমত এটা ভাষাকেন্দ্র স্থাপন কৰিব। এই কেন্দ্ৰত ৯ মাহৰ বাবে বিশেষ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ লোৱা লোকসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানসমূহত কাম কৰাৰ লগতে ৫০ হাজাৰ যুৱক-যুৱতী জাপানতো চাকৰি লাভ কৰিব। ...

August 20, 2024 6:25 PM

views 49

দিল্লীত অমিত শ্বাহৰ সৈতে ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। বহিঃৰাজ্যৰ কোনো প্ৰাৰ্থীৰ নাম আসন দুখনৰ বাবে চৰ্চালৈ অহা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিয়ে এই আসন দুখনৰ বাবে প্ৰে...

July 22, 2024 6:27 PM

views 60

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্রধানমন্ত্রীৰ সৈতে বৈঠকত মিলিত হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয়। বন্যার্তসকলে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্রাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টাৰ বিষয়েও তেওঁ প্রধানমন্ত্রীগৰাকীক অৱগত কৰে। তদুপৰি সাক্ষাতকালত ৰাজ্যত চলি থকা উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয়। অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী মোদীক তৃতীয় কার্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

July 8, 2024 8:31 PM

views 39

চলিত বৰ্ষত তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্ঠবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়া স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতা বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্যৰ দক্ষ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আনহাতে, তেওঁ ...

April 23, 2024 12:06 PM

views 55

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা লোকসভা সমষ্টিৰ সকলো বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

উজনি অসমৰ লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাছত সমষ্টিকেইটাৰ সকলো বিধায়কৰ সৈতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহি নোপোৱাৰ বাবে কালি নিশা হ'বলগীয়া পর্যালোচনা বৈঠকখন বাতিল কৰা হৈছিল।