October 16, 2026 11:18 AM
9
বেংগালুৰুত নিৰ্মাণ সম্পূৰ্ণ হোৱা অসম ভৱন আজি মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে মুকলি
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বেংগালুৰুৰ দদ্দা আলাদমাৰা ৰোডত নিৰ্মাণ সম্পূৰ্ণ হোৱা অসম ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। বেংগালুৰুত নৱনিৰ্মিত এই অসম ভৱনে কর্ণাটক আৰু সমগ্ৰ দক্ষিণ ভাৰতত বাস কৰা, বিভিন্ন কামত নিয়োজিত হৈ থকা নাইবা বিভিন্ন কামত যোৱা অসমৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ আশ্রয়স্থল হিচাপে কাম কৰিব। ৭১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সা-সুবিধাৰে অসম ভৱনৰ ছমহলীয়া অট্টালিকাটো নিৰ্মাণ কৰা হৈছে। অসমৰ পৰা যোৱা সাধাৰণ নাগৰিক, চৰকাৰী বিষয়া আৰু ভি আই পি অতিথিৰ বাবে পৃথকে সু-সজ্জিত কক্ষ আৰু ২৪...