October 17, 2026 11:04 AM | CM bangaluru

printer

ৰাজ্যত প্ৰায় ৫ লাখ কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত সম্প্ৰতি ঔদ্যোগিকৰণ আৰু বিনিয়োগৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ইতিমধ্যে প্রায় ৫ লাখ কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰে প্ৰায় ৪ লাখ কোটি টকাৰ প্ৰকল্পৰ কামো আৰম্ভ হৈছে। বেংগালুৰুত কালি নৱনিৰ্মিত অসম ভৱন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। তেওঁ কয়, যে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সমান্তৰালকৈ ইণ্ডিয়ান ছেমি কণ্ডাক্টৰ মিছন- ২ৰ অধীনত অধিক প্রকল্প স্থাপনৰ দিশত চৰকাৰ আগবাঢ়িছে। নামৰূপ সাৰ কাৰখানা, চাপৰৰ থামেল পাৱাৰ প্লান্ট, গুৱাহাটী বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটী তথা ফ্লায়িং স্কুল আদি নিৰ্মাণৰ জৰিয়তে ৰাজ্যখনত নিযুক্তিৰ অপাৰ সুযোগ সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ দ্ৰুত উদ্যোগীকৰণৰ বিষয়ত বিশেষভাৱে আলোকপাত কৰি ড০ শৰ্মাই কয় যে ছিকিউৰিটী গাৰ্ডৰ দৰে কামৰ বাবে অসমৰ যুৱক-যুৱতী বহিঃৰাজ্যলৈ যোৱাটো অতি দুৰ্ভাগ্যজনক। অসমত ঔদ্যোগিকৰণ, কৃষি বিপ্লব আৰু নিৰন্তৰ নিযুক্তি প্রক্রিয়া অব্যাহত থাকিলে এই সমস্যাৰ সমাধান হ’ব বুলি তেওঁ প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে কালি মুকলি কৰা বেংগালুৰুৰ অসম ভৱনৰ জৰিয়তে কৰ্ণাটককে ধৰি দাক্ষিণাত্যত বাস কৰা, বিভিন্ন কামত নিয়োজিত নাইবা চিকিৎসা আদিৰ বাবে যোৱা অসমৰ লোকসকলক উপকৃত কৰিব। ৭১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সা-সুবিধাৰে নির্মিত অসম ভৱনত বিশিষ্ট অতিথিৰ বাবে বিশেষ কোঠাৰ লগতে আৱাসিক কক্ষ, সন্মিলন কক্ষ, ভোজনালয়, প্রদর্শনী গৃহ আদিকে ধৰি অন্যান্য সুবিধাসমূহ আছে।

দেশৰ অন্যান্য ঠাইসমূহতো অসম ভৱন মুকলিৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীৰ পুৰণি অসম ভৱন ভাঙি নতুনকৈ আন এটা ভৱন নিৰ্মাণৰ কথা জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।