মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বেংগালুৰুৰ দদ্দা আলাদমাৰা ৰোডত নিৰ্মাণ সম্পূৰ্ণ হোৱা অসম ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। বেংগালুৰুত নৱনিৰ্মিত এই অসম ভৱনে কর্ণাটক আৰু সমগ্ৰ দক্ষিণ ভাৰতত বাস কৰা, বিভিন্ন কামত নিয়োজিত হৈ থকা নাইবা বিভিন্ন কামত যোৱা অসমৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ আশ্রয়স্থল হিচাপে কাম কৰিব। ৭১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সা-সুবিধাৰে অসম ভৱনৰ ছমহলীয়া অট্টালিকাটো নিৰ্মাণ কৰা হৈছে। অসমৰ পৰা যোৱা সাধাৰণ নাগৰিক, চৰকাৰী বিষয়া আৰু ভি আই পি অতিথিৰ বাবে পৃথকে সু-সজ্জিত কক্ষ আৰু ২৪ খন বিছনাযুক্ত শয়নকক্ষ আৰু ১২ খন বিছনাযুক্ত ছাউনী নিৰ্মাণ কৰা হৈছে। বেংগালুৰুৰ অসম ভৱনত ৩ টা ভি ভি আই পি কক্ষ, চাৰিটা ভি আই পি, ২৬ টা সাধাৰণ আৰু ৩৬ টা দুখন আসনযুক্ত কক্ষ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি বেংগালুৰুৰ অসম ভৱনত ৫ টা সন্মিলনকক্ষ আৰু দুটা কোঠাযুক্ত দুটা এপার্টমেণ্ট আছে। বেংগালুৰুৰ অসম ভৱনত বেংগালুৰুৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে যোৱা অসমৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক কম খৰচত সুৰক্ষিত আৰু সুলভ আবাস প্রদান কৰা হ’ব ।
একেদৰে উচ্চ শিক্ষাৰ নামভৰ্তি, সাক্ষাৎকাৰ নাইবা প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱা শিক্ষাৰ্থী আৰু নতুন চাকৰিয়ালসকলক প্ৰাৰম্ভিক দিনকেইটাত কম খৰচত থকাৰ সুবিধা আগবঢ়োৱা হ’ব। কর্ণাটকত বসবাস কৰা প্ৰবাসী অসমীয়া সমাজৰ মাজত সমন্বয় ৰক্ষা আৰু অসমৰ শিল্প সংস্কৃতি প্ৰচাৰৰ কেন্দ্ৰ বিন্দু হিচাপেও বেংগালুৰুৰ অসম ভৱনে সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে বেংগালুৰুৰ অসম ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে কোঠা সংৰক্ষণ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অনলাইন প’ৰ্টেল বা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে উপলব্ধ হ’ব। বেংগালুৰুৰ আজিৰ অনুষ্ঠানত সাধাৰণ প্ৰশাসন ইত্যাদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব।