May 29, 2025 6:51 PM

views 71

১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁও গাৰোপাৰা যুৱ ক্রীড়া ক্লাবত আয়োজিত অনুষ্ঠানত ১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বি টি আৰৰ প্ৰতিটো পৰিয়ালক ভূমি দিয়াৰ বাবে প্রশাসন দায়বদ্ধ বুলি উল্লেখ কৰে। তেওঁ কয় যে পর্বতঝোৰাৰ ১,৫০০ৰো অধিক পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান ব্যৱস্থাৰে সামৰি লোৱা হব আৰু ১০ জুলাইৰ পূৰ্বে তেওঁলোকে এই প্ৰমাণপত্ৰ লাভ কৰিব। তেওঁ কয় যে ভূমি অধিকাৰ প্ৰদা...

May 22, 2025 12:03 PM

views 67

বি টি আৰৰ কিতাপ ক্রয়ৰ নামত উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন

■ বি টি আৰৰ কিতাপ ক্রয়ৰ নামত কেইবা কোটি টকাৰ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত বি টি আৰ প্ৰশাসনে এখন ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। এই সমিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বি টি আৰৰ স্থায়ী পৰামর্শদাতা শব্দৰাম ৰাভা অধ্যক্ষ হিচাপে থকাৰ লগতে বি টি আৰৰ সচিব ধীৰাজ সাউদ সদস্য সচিব হিচাপে থাকিব। এই সমিতি ২০ মে'ৰ পৰা কাৰ্যকৰী হৈছে আৰু ১৫ দিনৰ ভিতৰত সমিতিখনে প্রতিবেদন দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে বি টি আৰৰ শিক্ষা বিভাগত কিতাপ ক্ৰয়ৰ নামত প্রায় ৪ কোটি টকাৰ অনিয়ম সংঘটি...

May 2, 2025 8:00 PM

views 56

উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু পথৰ নামকৰণত কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ

নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু এটা পথৰ নামকৰণ কৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত সংবাদমেলত বি টি আৰ প্ৰধান শ্ৰী বড়োৱে কয়, যে বি টি আৰ পৰিষদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মেয়ৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰিব। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা ক্ষেত্ৰৰ তত্ত্বৱধানৰ বাবে বি টি আৰ পৰিষদৰ পৰা দিল্লী ...

April 23, 2025 6:13 PM

views 46

আজিৰে পৰা অনুষ্ঠিত বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন

বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিবেশনৰ প্ৰথম দিনা আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ২০২৫-২৬ বৰ্ষৰ বাবে পৰিষদৰ ৮৪৩ কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্রেন্ট বি টি আৰ অভিযানৰ পৰিকল্পনা বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে বাজেটত বহনক্ষম উন্নয়ন, সুশাসন আৰু সামাজিক সম্প্ৰীতিৰ মাধ্যমেৰে বড়োলেণ্ড আৰ্হিক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক পৰিক...

February 18, 2025 1:00 PM

views 58

ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্ৰীৰ

বি টি আৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰলপাৰা আৰু ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে সৰলপাৰা পথটো প্রায় ২৭ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰিব। পথটো নিৰ্মাণৰ ক্ষেত্ৰত অতিৰিক্ত পুজিৰ প্ৰয়োজন হ'লে সেয়া ৰাজ্য চৰকাৰে যোগান ধৰিব বুলিও তেওঁ সভাত উল্লেখ কৰে। বি...

February 14, 2025 7:49 PM

views 91

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

কোকৰাঝাৰৰ বি টি আৰ বিধান পৰিষদীয় ভৱনত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বুজ ল’বলৈ বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বাজেট অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী বড়োয়ে কয়, যে বি টি আৰলৈ ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ ক্ষেত্ৰত এই বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ ...

January 28, 2025 8:10 PM

views 52

কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্রিম বুদ্ধিমত্তা, ৰব’টিকছ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সকলো আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা সাহায্য ঘোষণা কৰিছে। এই...

January 28, 2025 7:01 PM

views 65

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমত বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো মুকলি কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই কোকৰাঝাৰত আয়োজন কৰা বাথৌ পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযো...

January 3, 2025 9:53 PM

views 60

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে কেইবাটাও অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰ...

December 30, 2024 6:08 PM

views 63

বি টি আৰত আজি বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ

অসমৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি আৰ চৰকাৰে আজি অঞ্চলটোত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ বিকাশৰ বাবে প্ৰস্তুত কৰা বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই ৰূপৰেখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি টি আৰৰ এনে উদ্যোগৰ শলাগ লয় আৰু অঞ্চলটোত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকে বি টি আৰত বিৰাজ কৰা শান্তিৰ পৰিৱেশৰ মাজত উন্নয়নৰ পথত অগ্ৰসৰ...