নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু এটা পথৰ নামকৰণ কৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত সংবাদমেলত বি টি আৰ প্ৰধান শ্ৰী বড়োৱে কয়, যে বি টি আৰ পৰিষদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মেয়ৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰিব। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা ক্ষেত্ৰৰ তত্ত্বৱধানৰ বাবে বি টি আৰ পৰিষদৰ পৰা দিল্লী পৌৰ নিগম কর্তৃপক্ষক প্ৰতিমাহে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ‘ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে জুন মাহৰ পৰা বি টি আৰ পৰিষদৰ তৃতীয় পৰ্যায়ৰ ১০০ দিনীয়া কৰ্মসূচী গ্ৰহণ কৰা হ‘ব।
Assamese | May 2, 2025 8:00 PM | BTR
উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু পথৰ নামকৰণত কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ