October 22, 2025 3:03 PM

views 94

বিহাৰ বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও প্রাক্তন সাংসদৰ নির্বাচনী যুঁজত অৱতীৰ্ণ

● বিহাৰ বিধানসভা নিৰ্বাচনত এইবেলি কেইবাগৰাকীও প্রাক্তন সাংসদে নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰে ভিতৰত কেইবাগৰাকীও প্রার্থীয়ে ২০২৪ চনত লোসসভা নিৰ্বাচন পৰাজিত হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে জে ডি য়ুই ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা সৰ্বাধিক প্রাক্তন সাংসদক প্রার্থীত্ব প্রদান কৰিছে। বিজেপিয়ে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী তথা পাতলিপুত্ৰৰ প্ৰাক্তন সাংসদ ৰামপাল যাদৱক পাটনা জিলাৰ ডানাপুৰ সমষ্টিৰ পৰা থিয় কৰোৱাইছে। সীতামঢ়হি প্রাক্তন সাংসদ সুনিল কুমাৰ পিন্টুই বিজেপিৰ টিকটত সীতামঢ়হি সমষ্টিৰ পৰা বিধানসভ...

October 17, 2025 8:29 PM

views 100

আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে নির্বাচন আয়োগৰ বৈঠক

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত ধন, সুৰা, ড্ৰাগছ আদিৰ সৰবৰাহ ৰোধৰ বাবে নির্বাচন আয়োগে আজি আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত এই বৈঠকত মুখ্য নির্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ লগতে লগতে নির্বাচনী বিষয়া ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে নির্বাচনত ব্যাঘাত আনিব পৰা ঘটনাসমূহ ৰোধৰ বাবে আইন বলবৎকাৰী সংস্থাসমূহক আগতীয়াকৈ সাজু হৈ থকাৰ পৰামৰ্শ প্রদান কৰে। আয়োগে এটা বিবৃত্তিত কয় যে সুকলমে নির্বাচনটো অনুষ্ঠিত কৰিবলৈ সংস্থাসমূহৰ প্ৰস্তুতি তথা প...

October 17, 2025 12:54 PM

views 134

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

● বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২৪৩টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১টাত অহা ৬ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পর্যায়ে পাটনা, দাভাংগা, মুজফফৰপুৰ, গোপালগঞ্জ আৰু ভোজপুৰ জিলাক সামৰি লৈছে। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ২০ অক্টোবৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

October 17, 2025 12:50 PM

views 115

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় - দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে। কালি প্রকাশিত তালিকা অনুসৰি কাৰৱা সমষ্টিৰ পৰা চাকিল আহমেদ খান আৰু বেগুচৰাই সমষ্টিৰ পৰা অমিতা ভুষণ নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে মংগল ৰামক চেনাৰী, সঞ্জয় তিৱাৰীক বাক্সাৰ আৰু আনন্দ শংকৰ সিঙক ঔৰংগ...

October 13, 2025 2:35 PM

views 224

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২০ অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে। এই ...

October 10, 2025 3:29 PM

views 149

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মৰ্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয...

October 8, 2025 9:25 PM

views 98

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়...

October 7, 2025 12:03 PM

views 94

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

September 25, 2025 10:06 PM

views 110

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ

বিজেপিয়ে আজি সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে। দলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিল আৰু উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যক নির্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে।

August 1, 2025 11:11 AM

views 78

বিহাৰত আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ

নির্বাচন আয়োগে বিশেষ বিস্তৃত সংশোধন উদ্যমৰ অধীনত আজি বিহাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব। খচৰা ভোটাৰ তালিকা প্রকাশৰ পূৰ্বে দিয়া এটা বাৰ্তাত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেচ কুমাৰে ভোটাৰ তালিকাৰ ভৌতিক আৰু ডিজিটেল প্ৰতিলিপি ৰাজ্যখনৰ ৩৮ খন জিলাত স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহক প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু ২৪৩ গৰাকী নির্বাচনী বিষয়াই ভোটদাতা আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নির্বাচন তালিকাৰ বিসংগতি তথা এই সন্দৰ্ভত কিবা আপত্তি থাকিলে তাক দৰ্শো...