নির্বাচন আয়োগে বিশেষ বিস্তৃত সংশোধন উদ্যমৰ অধীনত আজি বিহাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব। খচৰা ভোটাৰ তালিকা প্রকাশৰ পূৰ্বে দিয়া এটা বাৰ্তাত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেচ কুমাৰে ভোটাৰ তালিকাৰ ভৌতিক আৰু ডিজিটেল প্ৰতিলিপি ৰাজ্যখনৰ ৩৮ খন জিলাত স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু ২৪৩ গৰাকী নির্বাচনী বিষয়াই ভোটদাতা আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নির্বাচন তালিকাৰ বিসংগতি তথা এই সন্দৰ্ভত কিবা আপত্তি থাকিলে তাক দৰ্শোৱাৰ সুযোগ দিব। আজিৰে পৰা পহিলা ছেপ্তেম্বৰৰলৈ ওজৰ-আপত্তি দাখিল কৰিব পৰা যাব। নিৰ্বাচন আয়োগে যোৱা ২৪ জুনত বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছিল। সকলো যোগ্য ভোটদাতাৰ নাম তালিকাত স্বচ্ছভাৱে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Assamese | August 1, 2025 11:11 AM | Bihar Election
বিহাৰত আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ